✈️🛩️"হজ আৰু ওমৰাহ ডায়েৰী-চাওৱালত'২০২২"
✈️🛩️"হজ আৰু ওমৰাহ ডায়েৰী-চাওৱালত'২০২২" ।।।। 🕋১-জেদ্দাহ (May/2022-Shawwal/1443) ।।। তাৰিখ ৮, বহু সময় কথা পতা হৈছিল। তাৰিখ ৯, ৰাতি দুটা বজাত এৰ্লামৰ শব্দত সাৰ পাই পৰিৱাৰকো জগাই দিলো। ৰাতি আঢ়ৈটা বজাত এয়াৰ পৰ্টলৈ বুলি তেওঁলোক আহিব। যিহেতু আজাৰাৰে পাৰ হ'ব। গতিকে আজাৰা চিভিল হাস্পতালৰ ভি আই পি ৰ'ডৰ কাষতে ছালাম জনাম বুলিয়েই ৰাতি পৰিৱাৰৰ সৈতে উঠি বিয়াগোম গেটখন খুলি গাড়ীখন ৰিডি-স্তেদি-গ'- কৰিবলৈ প্ৰস্তুত কৰি ৰাখিলো। ।।। কথা আছিল তেখেতে ককায়েক ঘৰৰ পৰা ওলাই অহাৰ সময়ত ফোন এটা কৰিব, যাতে মই ৰাস্তাৰ মূৰলৈ ওলাই আহিব পাৰো। কাৰণ পুৱা চাৰিটাত এয়াৰ পৰ্টত তেওঁলোকে ৰিপৰ্ট কৰিব লাগে। ।।। ৰাতি তিনিটা বাজিল... ফোন নাহিল। চাৰে-তিনি বাজিল... নাই, ফোনটো ৰিং নহ'ল। ময়েই ফোন এটা মাৰিলো.... নধৰিল। অলপ পাছত আকৌ ফোন কৰিলো.... অফ কৰি দিলে। আ'ৰে, কি হ'ল... ফোন নধৰেযে। আকৌ ফোন কৰিলো..... এইবাৰ ধৰিলে। এটা সত্য ভাগৰৰ টুপনীক কুঠাৰাঘাট কৰা আধা ফুটা মাত.... কোন? অ' ..... মই ক'লো উঠাই নাইযে.... নেযাই নেকি? আৰে ভাই কাইলৈ ১০ তাৰিখেহে যাম। ।।। syedraf ।।। contd...#muktabu...